কৃষ্ণচূড়া ডট কম ৱেব চিৰিজ এ লাভ কৰিছে দৰ্শকৰ সমাদৰ | কৃষ্ণচূড়া.com ৱেব চিৰিজ এ লাভ কৰিছে দৰ্শকৰ সমাদৰ

কৃষ্ণচূড়া-ডট-কম-ৱেব-চিৰিজ-এ-লাভ-কৰিছে-দৰ্শকৰ-সমাদৰ

কৃষ্ণচূড়া ডট কম | কৃষ্ণচূড়া.com

কৃষ্ণচূড়া নগৰী গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ দুটা বছৰ। এই দুবছৰত সোমাই থাকে এক এৰাব নোৱাৰা আবেগ। দুটা বছৰৰ এটা দিন মিছ কৰা মানেই যেন বহুত কিবা কিবি হেৰাই যোৱা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেম্পাছ, হোষ্টেল, কেণ্টিন, ভাৰচিটী উইক, বিশ্ববিদ্যালয় নিৰ্বাচন, বিশ্ববিদ্যালয়ৰ সন্ধিয়া, আড্ডা, সপোন, হেঁপাহ, প্ৰেম আৰু আশাভংগ- এই সকলো সামৰি নিৰ্মাণ কৰা এখন ৱেব ছিৰিজ কৃষ্ণচূড়া.com।

প্ৰণৱ ভৰালীৰ ৰচনা আৰু পৰিচালনাৰে নিৰ্মাণ কৰা ৱেব চিৰিজখনে লাভ কৰিছে বিপুল জনপ্ৰিয়তা। ছ’চিয়েল মিডিয়াত এতিয়া ট্ৰেণ্ডিঙত থকা এটা বিষয় হৈ পৰিছে ‘কৃষ্ণচূড়া.com’। বিশ্ববিদ্যালয়ত পঢ়া, বিশেষকৈ বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কাহিনীক লৈ নিৰ্মাণ হোৱা ৱেব ছিৰিজখন প্ৰণৱ ভৰালীৰ এক বিশাল আয়োজন। বহু বছৰৰ পূৰ্বেই হোষ্টেল এৰি অহা আবাসীও নষ্টালজিক হৈ পৰিব কৃষ্ণচূড়া.com-ৰ মাজত সোমায়। প্ৰথমতেই ছাত্ৰ ৰাজনীতি, কেম্পাছ পলিটিক্স আদিয়ে আকৰ্ষিত কৰিছে দৰ্শকক।

জুনিয়ৰ-চিনিয়ৰৰ সম্পৰ্ক, কেনেকৈ সপোন দেখিব অহা তৰুণ কিছুমানে সপোন হেৰুৱাই আদবাটতে, পিতৃ-মাতৃৰ সপোন পূৰাব নোৱাৰা ল’ৰাৰ কাহিনী, ৰাজনীতি কি সকলোৰে মিলন বিচাৰি পাব আপুনি। ৱেব ছিৰিজখনত মুখ্য চৰিত্ৰত অভিনয় কৰা কমল লোচনৰ অভিনয়ে নিশ্চিতভাৱে আপোনাৰ মন চুই যাব। শেষত অৰূপজ্যোতি বৰুৱাৰ ‘বেথা’ শীৰ্ষক বাউলটোৱে অন্য এক মাত্ৰা দি গ’ল। ৰীলড্ৰামাত উপলব্ধ এই ৱেব ছিৰিজখন আপুনিও উপভোগ কৰক।

কৃষ্ণচূড়া.com Video (RD.ReelDrama Youtube)

Credit: assam.news18.com
Axomia-News
September 02, 2023
0

Comments

Search

Recent Comments