G-20ৰ মঞ্চত বিহুক অপমান? ক্ষোভ প্ৰকাশ কৰিলে বিহু সুৰক্ষা সমিতিয়ে

দেশৰ ৰাজধানীত অসমীয়াৰ বিহুৰ এই বিকৃতকৰণক লৈ স্বাভাৱিকতেই ক্ষুব্ধ প্ৰতিগৰাকী

জি–২০ সন্মিলনৰ মঞ্চত বিহুক বিকৃত ৰূপত উপস্থাপন কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিশ্ব নেতাৰ সন্মুখত অসমীয়াৰ স্বাভিমান বিহু নৃত্য (Bihu dance) প্ৰদৰ্শনৰ নামত কৰা হ’ল চৰম বহুৱালি। শুকুৰবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক আদৰণী জনোৱাৰ বাবে ৰখা হৈছিল বিহু নৃত্যৰ অনুষ্ঠান।

কিন্তু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত বিহু নৃত্যৰ নামত অদ্ভুত শৰীৰ সঞ্চালন কৰা দেখা গ’ল কেইগৰাকীমান যুৱতীক। বিহু নৃত্যক এইদৰে বিকৃত ৰূপত উপস্থাপন কৰাক লৈ জাঙুৰ খাই উঠিছে অসমীয়া।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত বিহু গীতৰ সুৰত কেইগৰাকীমান যুৱতীয়ে প্ৰদৰ্শন কৰিলে অদ্ভুত নৃত্য। শুকুৰবাৰে সপত্নীক বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত উষ্ম আদৰণী জনোৱা হৈছিল ঋষি ছুনাকক। বিমানবন্দৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানক আদৰণী জনাবলৈ বাৰেৰহণীয়া নৃত্য–গীতৰ ব্যৱস্থা কৰা হৈছিল।

বিভিন্ন ৰাজ্যৰ লোক–কৃষ্টিৰ সমাহেৰেৰ জীপাল কৰি তোলা হৈছিল নতুন দিল্লীৰ বিমানবন্দৰ। ঋষি ছুনাক আৰু তেওঁৰ পত্নীক আদৰণী জনাবলৈ বিমাবন্দৰত পৰিৱেশন কৰা হয় বিহু নৃত্য। বিমানবন্দৰত পূৰ্বৰে পৰা সাজু কৰি ৰখা মঞ্চত কেইবাগৰাকীও যুৱতীয়ে বিহুগীতৰ তালে তালে নৃত্য কৰা দেখা গ’ল। এই নৃত্য উপভোগ কৰিলে ঋষি ছুনাক আৰু তেওঁৰ পত্নীয়ে।
Axomia-News
September 09, 2023
0

Comments

Search

Recent Comments