Aditya-L1 Mission: ভাৰতৰ প্ৰথম সূৰ্য পৰ্যৱেক্ষণ মিছন

Aditya-L1 Mission : মাজত মাত্ৰ কেইটামান মুহূৰ্ত। চন্দ্ৰযান–৩ মিছনৰ সফলতাৰ পিছত আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ ‘সূৰ্য মিছন’।
aditya-l1-মিছনৰ-নাম-সূৰ্যযান-নহয়-কিয়

Aditya-L1 মিছনৰ নাম সূৰ্যযান নহয় কিয়

Aditya-L1 Mission : মাজত মাত্ৰ কেইটামান মুহূৰ্ত। চন্দ্ৰযান–৩ মিছনৰ সফলতাৰ পিছত আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ ‘সূৰ্য মিছন’। ইতিমধ্যেই আৰম্ভ হৈছে কাউণ্ট–ডাউন। ১১.৫০ বজাত শ্ৰীহৰিকোটাৰ লঞ্চ পেডৰ পৰা PSLV-C57 ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হ’ব Aditya-L1।

বিজ্ঞানীসকলৰ আশা, আদিত্য এল১ মিছনৰ পৰা মহাকাশত বতৰৰ গতিশীলতা, সূৰ্যৰ আটাইতকৈ বাহিৰৰ তৰপৰ তাপমাত্ৰা, সৌৰ ধুমুহা আৰু অতি বেঙুনীয়া ৰশ্মিৰ পৃথিৱী, বিশেষকৈ অজনৰ ওপৰত পৰা প্ৰভাৱৰ ওপৰত অধ্যয়ন কৰিব পৰা যাব। এয়া সূৰ্য অৱলোকনৰ বাবে প্ৰথম ভাৰতীয় মহাকাশ মিছন হ’ব। বিজ্ঞানীসকলৰ বিশ্বাস, এই মিছনৰ জৰিয়তে বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰিব পৰা যাব।

Table of Content

এই মিছনৰ নাম আদিত্য–এল১ কিয়?

ইছৰ’য়ে চন্দ্ৰলৈ যোৱাৰ মিছনৰ নাম চন্দ্ৰযান ৰাখিছিল। কিন্তু এইবাৰ সূৰ্যলৈ যাবলগীয়া মিছনৰ নাম সূৰজ বা ছানৰ দৰে শব্দ কিয় ৰখা নাই? ইছৰ’ৱে কয় যে ভাৰতৰ এই মিছন সূৰ্যত অৱতৰণ কৰাৰ বাবে নাযায়, সেইবাবে ইয়াৰ নাম সূৰ্যৰ নামেৰে ৰখা হোৱা নাই। উল্লেখযোগ্য যে আদিত্য–এল১ কেৱল সূৰ্যৰ কক্ষপথ লাংগ্ৰাজ বিন্দু–১ত ছেটেলাইট হিচাপে সূৰ্যৰ চাৰিওফালে ঘূৰিব। সেইবাবে ইয়াৰ নাম এল১ শব্দৰে ৰখা হৈছে।

কি কৰিব Aditya-L1য়ে?

আদিত্য–এল১ মিছনৰ এখ গুৰুত্বপূৰ্ণ উপকৰণ ‘ছ’লাৰ আলট্ৰাভায়’লেট ইমেজিং টেলিস্ক’প’ (SUIT)ক পুনেস্থিত ইণ্টাৰ–ইউনিভাৰ্চিটী চেণ্টাৰ ফৰ অষ্ট্ৰ’নমী এণ্ড এষ্ট্ৰ’ফিজিক্স (IUCAA)–এ প্ৰস্তুত কৰিছে। ইছৰ’ৰ সূৰ্য মিছন আদিত্য–এল১য়ে পৃথিৱীৰ পৰা সূৰ্যৰ ফালে ১৫ লাখ কিলোমিটাৰ পৰ্যন্ত যাব আৰু সূৰ্যৰ অধ্যয়ন কৰিব। উল্লেখযোগ্য যে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব ১৫০ মিলিয়ন লাখ কিলোমিটাৰ। আদিত্য–এল১ মিছনৰ উদ্দেশ্য L1ৰ চাৰিওফালে কক্ষপথৰ পৰা সূৰ্যৰ অধ্যয়ন কৰা।

এই মিছনে কিমান সময় কৰিব কাম?

ইছৰ’ৱে কয় যে আদিত্য–এল১ মিছনে প্ৰায় ৫ বছৰলৈ সূৰ্যৰ পৰা ওলোৱা কিৰণৰ অধ্যয়ন কৰিব। আদিত্য–এল১ত ৭টা পে’লোড থাকিব যিয়ে সূৰ্যৰ পৰা ওোৱা কিৰণ অধ্যয়ন কৰিব। আদিত্য এল১ মিছনৰ বাবে মুঠ ৩৭৮ কোটি টকা খৰচ হ’ব।

কিমান দিন লাগিব?

চন্দ্ৰযান–৩ উৎক্ষেপণ কৰাৰ পিছত সফল লেণ্ডিঙলৈ ৪০ দিন সময় লাগিছিল। ইছৰ’ৰ মতে, আদিত্য এল–১ সূৰ্যৰ কক্ষপথত এল–১ পইণ্টলৈ প্ৰেৰণৰ বাবে প্ৰায় চাৰি মাহ সময় লাগিব। পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ১৫ লাখ কিলোমিটাৰ। আদিত্য এল–১ক পিএছএলভি ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হ’ব।

Credit: assam.news18.com

COMMENTS

Name

Anime,4,Apple,1,Assam-Budget,1,Assamese-Quotes,3,Assamese-Shayari,1,Axomia-Essay,1,Axomia-News,5,chrome-flags,1,Entertainment,29,G-20,1,Game,3,Geography,1,Govt-Yojana,2,Information,2,ISRO,1,kolkata-ff,13,Latest-Jobs,21,Minecraft,2,Mobile-Legends,1,News,20,Pan-Aadhaar,1,Rose-Day,1,Social-media,1,Tech,5,Teer-Result,11,TOD,1,
ltr
item
Axomiat: Jobs, Exams, and Results: Aditya-L1 Mission: ভাৰতৰ প্ৰথম সূৰ্য পৰ্যৱেক্ষণ মিছন
Aditya-L1 Mission: ভাৰতৰ প্ৰথম সূৰ্য পৰ্যৱেক্ষণ মিছন
Aditya-L1 Mission : মাজত মাত্ৰ কেইটামান মুহূৰ্ত। চন্দ্ৰযান–৩ মিছনৰ সফলতাৰ পিছত আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ ‘সূৰ্য মিছন’।
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEilTL_xyou474ve8hbUnOGBOwhjvfXrQt4jeaZB__2vg6-R_yNXYJgud_wlHrWnEkbCXwoxUORH_p1sSzl39PkUpvnWSZD1YiuSk8ouX-sltCyQ528ziUCYIb0m224yLuibFbhx4ilmLDu8-o03FeQeJJ3QXIztopDCHu0mZXqs6-ymdAsR8j_Y0BR-1Rg/w640-h336/Untitled%20design%20(61).jpg
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEilTL_xyou474ve8hbUnOGBOwhjvfXrQt4jeaZB__2vg6-R_yNXYJgud_wlHrWnEkbCXwoxUORH_p1sSzl39PkUpvnWSZD1YiuSk8ouX-sltCyQ528ziUCYIb0m224yLuibFbhx4ilmLDu8-o03FeQeJJ3QXIztopDCHu0mZXqs6-ymdAsR8j_Y0BR-1Rg/s72-w640-c-h336/Untitled%20design%20(61).jpg
Axomiat: Jobs, Exams, and Results
https://www.axomiat.com/2023/09/aditya-1-mission.html
https://www.axomiat.com/
https://www.axomiat.com/
https://www.axomiat.com/2023/09/aditya-1-mission.html
true
5893727718379105486
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content